অসম লোকসেৱা আয়োগৰ কাৰ্য্যালয়ত চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ আবেদন
অসম লোকসেৱা আয়োগে আয়োগৰ কাৰ্য্যালয়ত চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ বাবে ভাৰতীয় সংবিধানৰ ৫ ৰ পৰা ৮ নং অনুচ্ছেদত সংজ্ঞায়িত ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্র বিচাৰিছে। উক্ত পদৰ বাবে পাবলগীয়া দৰমহা তথা অন্যান্য বানচ সমূহ অসম চৰকাৰৰ যাৱতীয় বিধি অনুযায়ী দিয়া হ’ব।
(১) পদৰ নাম _:- চতুৰ্থ বৰ্গ (অসম লোকসেৱা আয়োগৰ কাৰ্য্যালয়ৰ)
(২) পদৰ সংখ্যা :- ২০ (বিশ)
Last Date: 9.10.2025
যোগ্যতাৰ মাপকাঠী:
প্রাৰ্থী গৰাকী ভাৰতীয় সংবিধানৰ ৫ ৰ পৰা ৮ নং অনুচ্ছেদত সংজ্ঞায়িত ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
প্রাৰ্থী সকলে আবাসিক প্রমাণ হিচাপে শিক্ষাৰ উদ্দেশ্যে অসমত প্ৰদান কৰা বৈধ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অথবা নিয়োগ বিনিময় পঞ্জীয়ন প্রমাণ পত্ৰৰ প্ৰতিলিপি আপলোড কৰিব লাগিব।
শিক্ষাগত অৰ্হতাৰ পৰীক্ষণৰ বাবে অসমৰ নিয়োগ বিনিময় পঞ্জীয়ন বাধ্যতামূলক ৷ (প্ৰাসংগিক নথি আপলোড কৰিব লাগিব ৷)
শিক্ষাগত অৰ্হতা:
নূন্যতম অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু সৰ্বোচ্চ দ্বাদশ শ্ৰেণী বা তাৰ সমতুল্য পৰীক্ষাত উত্তীৰ্ণ৷ যিসকলৰ শিক্ষাগত অৰ্হতা আবেদনৰ তাৰিখত উল্লেখিত অর্হতাতকৈ বেছি তেওঁলোক আবেদনৰ বাবে যোগ্য নহ’ব। এইক্ষেত্ৰত প্ৰাৰ্থীসকলে নিজৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে স্ব-ঘোষণা ‘সংযোজন-(Annexure I) আপলোড কৰিব লাগিব।
অসম লোকসেৱা আয়োগৰ চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ আবেদন
দৰমহাৰ নিৰিখ: পে স্কেল + গ্ৰেড পে+ অসম চৰকাৰৰ বিধি অনুযায়ী পাবলগীয়া অন্যান্য ভাট্টাসমূহ
পে স্কেল : ১২,০০০/-টকাৰ পৰা ৫২,০০০/ টকা
গ্ৰেড পে : ৩,৯০০/- টকা
পে বেণ্ড : পিবি-১
How To Apply:
(1)আবেদনকাৰীয়ে অসম লোকসেৱা আয়োগৰ ৱেৱচাইট https://apscrecruitment.in/ ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব লাগিব। আন কোনো মাধ্যম/পদ্ধতিৰ জড়িয়তে আবেদন গ্রহণ কৰা নহ’ব|
(2)আবেদনকাৰীয়ে প্রথমে অসম লোকসেৱা আয়োগৰ ৱেৱচাইট ত Recruitment ত গৈ crade-lv বুটামত ক্লিক কৰি Registerত ক্লিক কৰি নিজৰ পঞ্জীয়ন কৰিব লাগিব।
(3)প্ৰাথীসকলক অনলাইন আবেদনত বৈধ আৰু সক্ৰিয় e-mail আৰু mobile no পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে।
(4) প্ৰাৰ্থীসকলে প্ৰয়োজনীয় তথ্য/প্ৰমাণপত্ৰ সমূহ (যেনে – জন্মৰ তাৰিখ, শিক্ষাগত অৰ্হতা, জাতি, অবাসিক প্ৰমাণ পত্ৰ ইত্যাদি) তলত দিয়া ধৰণে পি.ডি.এফ (pdf) ফাইলত আপলোড কৰিব লাগিব :-
ক) ফাইলৰ সবোৰ্চ্চ আকাৰ 5 MB
খ) প্ৰিন্ট কৰিলে স্পষ্টকৈ দেখা যাব লাগিব।
গ) 200 dpi grey scale ত স্কেন কৰিব লাগিব|
(5)আবেদনকাৰীয়ে নিজৰ শেহতীয়া ফটো (আকাৰ :- 50 kb – 200 kb আৰু ৩ মাহতকৈ পুৰণি হ’ব নালাগিব) আৰু স্বাক্ষৰ ( আকাৰ :- 50 kb – 200 kb)আপলোড কৰিব লাগিব।
যিকোনো Payment সম্পৰ্কীয় সমস্যাৰ বাবে GRAS Helpdesk 1800-102-1686 (সকলো কৰ্মদিনত পুৱা ১০.০০ বজাৰ পৰা বিয়লি ৬.০০ বজালৈ) নম্বৰত যোগাযোগ কৰিব পাৰিব।
যিকোনো বেংক সম্পৰ্কীয় সমস্যা/বিষয়ৰ বাবে আবেদনকাৰীয়ে নিজৰ নিজৰ বেংক শাখাৰ সৈতে যোগাযোগ কৰিব লাগিব।
অনলাইন আবেদন প্ৰ-পত্ৰৰ সৈতে জড়িত আন যিকোনো বিষয়ৰ বাবে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
ক)email : cceapsc@gmail.com
খ) যোগাযোগ নম্বৰ: 1800-572-23-43 (সকলো কৰ্মদিনত পুৱা ১০.০০ বজাৰ পৰা বিয়লি ৬.০০ বজালৈ)
Important Date & Links
অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ: ১০-০৯-২০২৫
অনলাইন আবেদনৰ অন্তিম তাৰিখ: ০৯-১০-২০২৫
আবেদন মাচুল পৰিশোধৰ অন্তিম তাৰিখ: ১১-১০-২০২৫
| Online Application Form | Click Here |
| Advertisement Details | Click Here |

